অনুবাদ – কুইলিন কাকতি
Artwork – Vijaya Kumar Seethappa
এসময়ত আনিনিত এজনী অকণমাণি ছোৱালী বাস কৰিছিল। ধৰা হওঁক তাইৰ নাম আছিল জু। এবাৰ তাই কেইবাদিনো ধৰি খোৱা-বোৱা কৰিবলৈ এৰি দিছিল। মাকৰ কোনো ধৰণৰ প্ৰলোভনেও কাম কৰা নাছিল। তাই মুঠতে নাচোৰবান্দা। একো নাখায়। তাইক কেৱল আলু পিটিকাহে খাবলৈ লাগে।
সেই দিনবোৰত তাই কেৱল কুকাৰত সিজাই পোনে পোনে উলিয়াই অনা আলুৰে সপোন দেখিছিল। তাইৰ মনৰ মাজত অন্ততঃ দুটা ডাঙৰ ডাঙৰ হুইছেল মাৰি সিজোৱা আলুৰ কথাকে পাক ঘূৰণি খাই আছিল।
তাইৰ মাকে কুকাৰৰ গৰম বতাহ ওলাই যোৱাৰ পাছত আলুৰ পাতল বাকলিবোৰ এৰুৱাই পেলাইছিল। বাকলিবোৰৰ ক’লা দাগবোৰৰ সৈতে সেই দীঘল চানেকীয়া আলুবোৰ কিছুমান জীৱ-জন্তুৰ দৰে দেখা গৈছিল।
শ্বেতসাৰযুক্ত মিশ্ৰণখিনিৰ ভাপে মাকৰ আঙুলিত পুৰি নিছিল। তেওঁ তৎক্ষণাত ঠাণ্ডা পানী ভৰ্তি চচপেন এটাত হাত দুখন ডুবাই দিয়ে। এবাৰ ক্ৰিম ৰঙী আলুবোৰ টুকুৰা-টুকুৰ হৈ পৰাৰ পাছত মাকে হাতুৰীৰ দৰে সোঁহাতৰ মুঠিৰে সেইবোৰ পিটিকা কৰি পেলায়।
বেং, বেং, বেং…
এই কচৰৎ কৰাৰ কাৰণ আছিল যদি কেনেবাকৈ কোনোবাটুকুৰা টান আৰু ভাঙিবলৈ মন নকৰা জেদী আলুৰ টুকুৰা থাকিও যায় সিও বাকীবোৰৰ অৱস্থা দেখি আত্মসমৰ্পন কৰি বাকীখিনিৰ সৈতে একাকাৰ হৈ পৰে।
এতিয়া সময় হ’ল কিছু সান-মিহলি কৰাৰ। এই মিশ্ৰণখিনিত এচিকূট নিমখ আৰু এচামুচ মিঠাতেল যোগ দিয়া হয়। কিন্তু পিয়াজ আৰু জলকীয়াৰ ইয়াত কোনো স্থান নাই। প্ৰথমটো কুৰকুৰীয়া আৰু সোৱাদ বৰ সুন্দৰ যদিও খোৱাৰ পাছত মুখৰ যি দুৰ্গন্ধ ওলাই তাৰ বাবেই ইয়াক বাদ দিয়া হয় আৰু আনবিধৰ জ্বলাই চঁকুৰ পানী আৰু নাকৰ পানী একাকাৰ কৰি পেলাই যাৰ বাবে সেইবিধো সংযোগ কৰাৰ পৰা দূৰতে থকা হয়।
সকলোবোৰ মিলাই লোৱাৰ পাছত আলুখিনিক আকৌ ইয়াৰ পূৰ্বৰ আকাৰ দিয়া হয়, এটা ডাঙৰ আলুৰ ৰূপ।
মাকে মনৰ ভিতৰতে কিছু গুণা-গথা কৰি ডাঙৰ বলটো ভাঙি তিনিটা সমান সমান অংশৰ বল সাজি পেলায়। কোঠাটোত এক কেঁচা গোন্ধ বিয়পি পৰে, ঠিক যেন ভোকৰ গোন্ধ।
আলু পিটিকাখিনি তিনিখন ষ্টিলৰ থালত মাখনমিহলি ভাতৰ সৈতে জু আৰু তাইৰ সহোদৰসকলৰ বাবে পৰিবেশন কৰা হয়। ইজনীৰ পাছত সিজনীকৈ জন্ম হোৱা বাইভনী অ, মু আৰু জুৱে এখন আও পুৰণি কাঠৰ টেবুলত ভাত খাইছিল। চকীবোৰ কাষ চপাই আনিলে টেবুলখনৰ খুঁটাকেইটা কঁপি উঠে।

সিহঁতকেইনীৰ ভিতৰত জু আছিল আটাইতকৈ শান্ত। তাই তৰ্জনী আঙুলিটোৰে আলু পিটিকাৰ বলটো হেঁচা মাৰি প্ৰথম কামোৰটো মৰাৰ আগতে মাজতে গাঁত এটা কৰি লয়।
কোনেও জুক তাইৰ আলু পিটিকাৰ প্ৰতি থকা অগাধ প্ৰেমৰ কথা কাহানিও সোধা নাই। তাইও আলু পিটিকাত আঙুলিৰে হেঁচা দি কৰা ফাঁকটোতনো কি দেখিছিল সেয়া বুজাবলৈ মন কৰা নাছিল।
কেতিয়াবা ঘৰৰ কুকুৰাই কণী পাৰিলে ভাতৰ পাতত সিজোৱা কণী এটাও সংযোজিত হৈছিল।
আন মাকসকলে তেওঁলোকৰ সন্তানৰ বাবে লুচি, পৰঠা বা চেনি আৰু তেলত ডুবি থকা মিঠা চুজিও প্ৰস্তুত কৰিছিল। অ, মু আৰু জুৱে বিদ্যালয়লৈ যোৱাৰ আগতে প্ৰতিদিনে একেই ভাত আৰু আলু পিটিকা খাইছিল। এই পুনৰাবৃত্তিটো যেন তেওঁলোকে এক প্ৰশান্তি পাইছিল। আহাৰ ভাল আছিল, ঠিক জীৱনটোও।
আনিনিত পুৱাৰ আহাৰত ডোছা বা পাউৰুটিৰ বিলাস কৰিব পৰা পৰিবেশ নাছিল। প্ৰান্তীয় হিমালয়ান চহৰখনত ৰেষ্টোৰেন্টটো দূৰৰে কথা এখন গেলামালৰ দোকানো নাছিল। তাত কেৱল এখন কোপাৰেটিভ ছছাইটি দোকান আছিল। দোকানখনৰ কাঠৰ ৰেকবোৰত চাউল, বিবিধ দাইল, ডালদা, আটা-ময়দা, বাদাম, বিস্কুট আৰু পাপৰ সজাই থোৱা আছিল। দোকানখন অসংখ্য নিগনিৰো ঘৰ আছিল। একো একোটাহঁত আনকি মেকুৰীটোৰ সমান আছিল। খুচুৰা দোকানখনৰ দোকানীয়ে ৰাতি দোকানত তলা বন্ধ কৰাৰ লগে লগেই সিঁহত সক্ৰিয় হৈ পৰিছিল। এম’নিয়াৰ দৰে এক উগ্ৰ গোন্ধ দোকানখনৰ পৰা কাহানিও আতৰ নহৈছিল।
দুৰ্গা পূজা আৰু বিহুৰ সময়ত দোকানখনৰ চিলিঙত সৰু ল’ৰা-ছোৱালীৰ কাপোৰ ওলোমাই থোৱা হৈছিল। বেছিভাগ কাপোৰ বিক্ৰী নোহোৱাকৈয়ে থাকি গৈছিল। তথাপি সেইবোৰে ইয়াৰ উজ্জলতা হেৰুৱাই তাত ধূলিৰ এক আৱৰণ নপৰা পৰ্যন্ত আঁতৰ কৰা নহৈছিল। যিসকল লোকে পাউৰুটি, জাম বা নুডলছ খাবলৈ মন কৰিছিল তেওঁলোকে সেইবোৰ চুবুৰীয়া ডিব্ৰুগড় আৰু ৰয়িঙৰ পৰা কিনি আনিছিল। ডিব্ৰুগড় আৰু ৰয়িঙ আনিনিৰ দৰে নাছিল, সেইবোৰ যথেষ্ট উন্নত আছিল। তাত ভালদৰে সংযোগী ৰাস্তা-ঘাট আছিল আৰু সকলো ধৰণৰ দোকান-পোহাৰ আছিল। তাত আনকি চিনেমা হল, গাড়ীৰ শ্বৰূম আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ো আছিল।
কঠিন সময়ত আনিনিৰ বাসিন্দাসকলে ডিব্ৰুগড় বা ৰয়িঙলৈ গুচি যাবলৈ হাহাকাৰ কৰিছিল। ইয়াৰ চাৰিওফালে ঘেৰি থকা পাহাৰৰ শিখৰবোৰ বৰফেৰে ঢাক খাই পৰিলে আনিনি একেবাৰে বিচ্ছিন্ন কৰি পেলাইছিল। সেই বিচ্ছিন্নতাৰ বাবে হোৱা নিঃসংগতাৰ পৰা হাত সাৰিবলৈকে বহু লোকে এনে কৰিবলৈ বিচাৰিছিল। ই সৰু চহৰৰ লোকে দিল্লী বা মুম্বাইলৈ যোৱাৰ সপোন দেখাৰ দৰেই এক আকাংক্ষা আছিল। এই কছমপলিটান চহৰবোৰৰ মানুহে বিদেশলৈ উৰা মাৰিছিল। কিন্তু আনিনি অ, মু আৰু জুৰ পুৱাৰ আহাৰৰ দৰেই স্থিৰ হৈ থাকিল।
হেলিকপ্টাৰ আছিল আনিনিৰ বৰ্হি বিশ্বৰ সৈতে যোগাযোগৰ মাধ্যম। তাৰো আগমন নিৰ্ভৰ কৰিছিল বতৰৰ ওপৰত। আনিনিত প্ৰায়েই বৰষুণ হৈছিল। যেতিয়া বৰষুণ নহৈছিল তেতিয়া মাত্ৰ এহাজাৰমান বাসিন্দাৰ চহৰখনক চাদৰ এখনৰ দৰে ডাৱৰে ঢাকি ৰাখিছিল।

হেলিকপ্টাৰখনৰ আগমন সদায় এক উৎসৱৰ দৰে আছিল। কিন্তু সেয়া তেনেই বিৰল আছিল। যেতিয়াই আনিনিত হেলিকপ্টাৰৰ উচ্চ শব্দ হৈছিল তেতিয়া মানুহবোৰ ঘৰৰ পৰা ওলাই আহিল। ই এনে এক চাকনৈয়া আছিল যি সকলোকে যেন নিজৰ ফালে আকৰ্ষণ কৰি দীঘলীয়া অপেক্ষাৰ বোজাটো আতৰাই আগুৱাই গৈছিল।
তাৰ পাছত এক এককৈ মহিলা, শিশু, শ্ৰমিক আৰু কাৰ্যালয়লৈ যোৱা লোকেও নিজৰ কাম আধাতে এৰি হেলিপেডৰ ফালে আগবাঢ়িছিল। সৰু পাহাৰ এখনৰ ওপৰত থকা হেলিপেডটোৰ পৰা দৃশ্যবোৰ হামেলিনৰ দ্য পাইড পাইপাৰৰ দৃশ্য যেন লাগিছিল। হেলিকপ্টাৰখনে মানুহ, খাদ্য, কাপোৰ, কিতাপকে আদি কৰি মানুহে ইচ্ছা কৰা প্ৰায় সকলো বস্তুৱেই কঢ়িয়াইছিল আৰু কেতিয়াবা কঢ়িয়াইছিল প্ৰেম আৰু স্মৃতি।
কোনো এটা শীতকালত হেলিকপ্টাৰখনে কেইবা সপ্তাহ ধৰি আনিনিলৈ আহিব পৰা নাছিল। সকলো গোটাই থোৱা খাদ্য লাহে লাহে শেষ হ’বলৈ ধৰিছিল। ঘৰৰ শাকনিবাৰীখন উদং আৰু লঠঙা হৈ পৰিছিল। পাতবোৰ ইতিমধ্যে শুকাই পৰা শুকান গোমধানৰ গছবোৰে যেন শোকহে পালন কৰি থিয় হৈ আছিল। হিম চেঁচা বতাহে সেইবোৰ যেন শিৰালৈকে জোকাৰি গৈছিল। বৰফেৰে ঢকা ৰাস্তা, পথাৰ আৰু ছাদবোৰত খং আৰু হতাশাৰ স্পষ্ট ছবিখন জিলিকি উঠিছিল। পাহাৰবোৰ ধ্যানমগ্ন ঋষিৰ দৰে শান্ত হৈ থিয় দি আছিল, হেলিকপ্টাৰখনৰ আগতীয়া আগমনৰ বাবে আনিনি বাসীৰ প্ৰাৰ্থনাত যেন সহযোগ কৰিছিল।
সকলোৰে ঘৰত আলু, ৰঙালাও, স্কোৱাছ, গোমধান আৰু লাইশাক লগাইছিল। জুৰ মাক যথেষ্ট পৰিশ্ৰমী আছিল। তেওঁ চীনা বাদামো লগাইছিল। কিন্তু প্ৰচণ্ড ঠাণ্ডাত একোৱেই বাচি নৰৈছিল। আনকি জুৰ এনিমেল ফাৰ্মৰ কুকুৰা, হাঁহ, ছাগলী আৰু পোহনীয়া কুকুৰ ৱিন্ট্ৰীও জুপুকা লাগি ঠায়ে ঠায়ে সোমাই পৰিছিল। সেই ঠাণ্ডাত জুহঁতৰ ঘৰৰ চুকৰ ফালে খন্দা পুখুৰীটোৰ সকলো মাছ মৰি যোৱাৰ আগতেই পুখুৰীটো বোকাময় হৈ পৰিছিল।
পাকঘৰৰ পৰা আটাইতকৈ আগতে আলু নোহোৱা হৈছিল কাৰণ প্ৰায় সকলো ৰন্ধনতে এই কাণ্ডযুক্ত পাছলিবিধৰ ব্যৱহাৰ হৈছিল। মাজে মাজে স্থানীয় মিছিমি মহিলাসকল দুৰ্গম পাহাৰ বগাই আহি আনিনিত উপস্থিত হৈছিল। কিছু দিনলৈকে তেওঁলোকে আলুৰ যোগান ধৰি থাকিলে। বয়সীয়াল মহিলাসকলে নিজৰ গাৱত খেতি কৰা পাছলিৰে ভৰা বাঁহৰ পাচিবোৰ মূৰত লৈ আহিছিল। তেওঁলোকে ঘৰে ঘৰে গৈ তেওঁলোকৰ সামগ্ৰীবোৰৰ বিনিময়ত চাউল, চেনী আৰু চাহপাত লৈ গৈছিল।

জুৰ মাকে আলুৰ ক্ষেত্ৰত জুখি মাখি চলিছিল। তেওঁৰ নিজা কিছু হিচাপ আছিল। জুৰ দেউতাক অফিচৰ কামত কেইবা সপ্তাহৰ বাবে ঘৰৰ পৰা বাহিৰত থাকিব লগা হৈছিল। জুৰ মনত কেৱল দুটাই চিন্তা আছিল দেউতা আৰু আলু।
সেই আতকীয়া দিনবোৰত তাইৰ মাকে দিনে এটাহে আলু ৰান্ধিছিল। সেয়া জুৰ আলু পিটিকাৰ বাবে আছিল। তাইৰ মাকে কুকুৰাৰ মাংসৰ আঞ্জা আৰু ঘূগনীত দিবলগীয়া বাধ্যতামূলক আলু দিয়াও বন্ধ কৰিছিল। খাদ্যবোৰ একেবাৰে সা-সোৱাদ নোহোৱা হৈ পৰিছিল।
সাঁচতীয়া আলুকেইটাও শেষ হোৱাৰ পাছত জুৱে একেবাৰে অন্ন হৰতাল আৰম্ভ কৰি দিছিল। সেয়া আছিল তাইৰ মৌন প্ৰতিবাদ। তাই দুদিন আগাৰ মুখতেই নিদিলে। মাকে চিন্তাত পাৰেই নোপোৱা হ’ল। তেওঁ চুবুৰীয়াক আলু আছে নিকি সুধিবলৈ ধৰিলে। সকলোৰে ঘৰৰ পৰা এটাই উত্তৰ আহিল, নাই।
তাইৰ অন্ন হৰতালৰ তৃতীয়া দিনা জুক ইংৰাজী আৰু অংক পঢ়োৱা চক্ৰৱৰ্তী চাৰে সোঁ-কান্ধত কাপোৰৰ মোনা এখন ওলোমাই তাঁহাতৰ ঘৰলৈ আহিল। তেখেতে এখন গাৱৰ পৰা আলু কিনিবলৈ কেইবা কিলোমিটাৰো খোজ কাঢ়ি গৈছিল।
জুৰ মাকে দুপৰীয়াৰ আাহাৰত আলু সিজালে। তাই আলু পিটিকা আৰু দাইলেৰে ভাত খালে। জুৱে হাঁহি মাৰি মাকলৈ চালে। মাকে খিৰিকিৰে বাহিৰলৈ চালে। সেইদিনা বাহিৰত ৰ’দ ওলাইছিল। তেওঁ হেলিকপ্টাৰখন অহাৰ শব্দ শুনিবলৈ চেষ্টা কৰিছিল।

