এক
হিন্দুসকলৰ খাদ্যাভ্যাসক কেন্দ্ৰ কৰি এ. কে. ৰামানুজনে তেওঁৰ এখন ৰচনাত এটি কাহিনী বৰ্ণনা কৰিছিল। গুৰুকূলৰ শিষ্য এজনক আহাৰৰ নামত গুৰুৱে হেনো মাথো এৰা গুটিৰ তেলেৰে ভাত এমুঠি গুৰুপত্নীক দিবলৈ নিৰ্দ্দেশ দিয়ে। তেনেই তিতা সোৱাদৰ ভাতমুঠি শিষ্যজনে এবাৰলৈও মন নকৰি বিনা অভিযোগে গ্ৰহন কৰে। বহু বছৰ পাৰ হৈ যোৱাত অৱশেষত এদিন শিষ্যজনে অসন্তূষ্টি প্ৰকাশ কৰিলত গুৰুৱে তেওঁক ক’লে যে তেওঁৰ শিক্ষা সিদিনাই অন্ত পৰিল আৰু এতিয়া তেওঁ বাহিৰৰ বহল পৃথিৱীলৈ খোজ পেলাব পাৰে।
এই কাহিনীৰ সাৰকথা হিন্দুসকলৰ বিশ্বাস পদ্ধতিত অন্তৰ্লীণ হৈ থকা যেন বোধ হয়। ব্ৰহ্মচাৰ্য কালত, শিক্ষণৰ সময়ত অথবা ধ্যানকালত স্বাদগ্ৰন্থিক দমিত কৰি ৰখাটো অতি জৰুৰী, অন্যথা জ্ঞান অন্নেষণৰ পথত ই হৈ পৰিব পৰম বিচ্যুতি। । যিকোনো ভোজনবিলাসী বাঞ্চা চৰিতাৰ্থ কৰিলে অজস্ৰ ভিন্ন বাসনা জাগি উঠিব পাৰে। ই ইয়াকো সূচায়, এজন ছাত্ৰৰ শিক্ষাৰ সমাপ্তিৰ পাছত তেওঁ স্বাদহীন খাদ্য এৰি সুস্বাদু খাদ্যৰে পৰিতৃপ্ত হ’বলৈ সাজু হৈ উঠে।
সৰল আহাৰে যে মানৱ জীৱনৰ অস্তিত্ব অধিক অৰ্থপূৰ্ণ কৰি তোলে, খাদ্যৰ এই উপস্থাপন স্বসভ্যতাৰ গৰিমাৰে মহিমামন্বিত হোৱা ভাৰতীয়সকলৰ মিথবিলাকৰ অন্যতম।এই মিথ ফঁহিয়াই পৰীক্ষা কৰিলে প্ৰকৃততে অন্য এক সত্য ওলাই পৰিব পাৰে। দেশখনৰ কোনো এঠাইত নিষিদ্ধ জ্ঞান কৰা খাদ্য আন কোনো ঠাইত মানুহে জুটি লগাই খায়। আনকি কোনো কোনো মঠ আদিত ভক্তসকলে অতি তৃপ্তিকৰ ভোজনৰ সোৱাদ লয়।
এবাৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংবাদ প্ৰতিবেদন যুগুতোৱাৰ বাবে ভালেমান দিন অসমত কটাইছিলো। ইটোৰ পিছত সিটো পথ অতিক্ৰম কৰি ঘটনাক্ৰমে ব্ৰহ্মপুত্ৰৰ নদীদ্বীপ মাজুলীত উপস্থিত হওঁ। মাজুলী মানেই শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে স্থাপন কৰি যোৱা সত্ৰসমূহৰ কেন্দ্ৰ। সত্ৰত পুৰণি পুথি, পাণ্ডুলিপি অধ্যয়ন কৰা ভক্তসকলৰ বাবে মাছ বৰ প্ৰিয়, যি অন্য উত্তৰ ভাৰতীয় ধৰ্মীয় চহৰ মথুৰা বা বৃন্দাবনৰ বৈষ্ণৱ ভক্তসকলৰ বাবে অকল্পনীয়। সত্ৰনগৰী মাজুলীত কেৱল যে খোৱাপাততে মাছ থাকিব তেনে নহয়। বৃহদাকাৰ ভাস্কৰ্যৰ পৰা আদি কৰি মন্ত্ৰ সন্নিৱিষ্ট ফলক খনলৈকে অতি দৃষ্টি আকৰ্ষণকাৰীভাৱে মৎস্যৰ ধাৰণা বিৰাজমান। আউনীআটী সত্ৰত মৎস্যাকৃতিৰ ফলক এখনত এটি সংস্কৃত শ্লোক অসমীয়া ভাষাত খোদাই কৰোৱা আছিল:
ভীমস্যাপি ৰণে ভঙ্গঃ
Photo Courtesy – Ashutosh Bhardwaj
অৰ্থাৎ, ভীমৰ নিচিনা ব্যক্তিৰো কেতিয়াবা পৰাজয় হয়, মুণিসকলৰো কেতিয়াবা মতিভ্ৰম হয়।এই নদীদ্বীপ মাজুলীতেই শৈশৱ অতিবাহিত কৰা তথা বুঢ়া লুইতৰ পাৰত প্ৰতিষ্ঠা হ’বলগীয়া এখন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক ডম্বৰুধৰ নাথে মোক ইয়াৰ বিষয়ে অৱগত কৰাইছিল। ভালেসংখ্যক সংস্কৃত পুথিৰ পৰিসমাপ্তিত নামহীন অনুলিপিকাৰগৰাকীয়ে মাৰ্জনা বিচাৰি এনে শ্লোকৰ অৱতাৰণা কৰে যাতে মূল পুথিৰ পৰা অনুলিপিকৰণত অনিচ্ছাকৃতভাৱে তেওঁৰ ৰৈ যোৱা ভুল ভ্ৰান্তি পাঠকে ক্ষমা কৰি দিয়ে।ইয়াৰ পৰাই বুজিব পাৰি, প্ৰাচীন বা মধ্যযুগীয় পুথিৰ পাণ্ডুলিপিসমূহৰ এটিয়েই সংস্কৰণ থকাটো কিয় বিৰল কথা আছিল। অনুলিপিকাৰসকলৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ অন্তত ইটো পীৰিৰ পৰা সিটো পীৰিলৈ এই পাণ্ডুলিপিসমূহ পৰম্পৰাগতভাৱে প্ৰচলন হৈছিল। তেনে ক্ষেত্ৰত আটাইতকৈ শ্ৰেষ্ঠ অনুলিপিকাৰগৰাকীয়েও পাণ্ডুলিপিৰ হুবহু প্ৰতিলিপি প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলেহেঁতেন। অৱশ্যে এই শ্লোকফাঁকি পঠন (reading) আৰু পৰিগ্ৰহনত(reception) একধৰণৰ দ্ব্যৰ্থকতা যোগোৱাৰ অৰ্থে এক নেৰেটিভ কৌশল হিচাপে ব্যৱহাৰ হোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি, নহ’লেবা, ই হ’ব পাৰে সেই নামহীন অনুলিপিকাৰজনৰ আঙুলিৰ চাপ এৰি থৈ যোৱাৰ এক হেঁপাহ।
Caption – Prof. Dambarudhar Nath
Photo Courtesy – Ashutosh Bhardwaj
সেয়া বাৰু তেওঁৰ বিনয়ী স্বীকাৰোক্তি বা লিখকীয় চতুৰালি যিয়েই নহওঁক, আমোদজনক কথাটো হ’ল যে এই শ্লোকফাঁকি ভাৰতবৰ্ষৰ এই প্ৰান্তত সুস্বাদু খাদ্যৰূপে পৰিগণিত এটি ৰৌ মাছ আকৃতিৰ ছবিত খোদিত কৰা হৈছিল। ভকতসকলে ৰৌ মাছটোৰ আকৃতিত খোদিত কৰা এনে এফাঁকি শ্লোক বিশ্লেষণ কৰিলে পাঠটিৰ বিচিত্ৰতা পৰিলক্ষিত হয়। তাতে আকৌ ৰৌ মাছ, যাৰ ৰন্ধন-প্ৰকৰণ ভাৰতবৰ্ষৰ এই প্ৰান্তত অতি বিচিত্ৰ।গতিকে ৰৌমাছ, আৰু খোদিত কৰা পাঠটি-হয়টো উভয়ৰে বিচিত্ৰতা সূচাব বিচৰা হৈছে। খাদ্যৰ ক্ষেত্ৰত একক সত্য কেতিয়াও প্ৰযোজ্য নহ্য়- খাদ্য হ’ল এক ধৰণৰ উদযাপন, ভিন্ন বিশ্বাসৰ, ভিন ভিন ৰন্ধন প্ৰণালীৰ, আৰু একাধিক উৎসৰ পৰা উদ্ভৱ হোৱা ইতিহাসৰ।
বহু শতিকা পিছত, উমবেৰ্টো একোৰ (Umberto Eco) বক্তাই আৱিস্কাৰ আৰু অনুলিপি কৰা পাণ্ডুলিপি এটাৰ আগকথাত এনে স্বীকাৰোক্তি ব্যক্ত কৰিছে। খ্ৰীষ্টান মঠখনত ভক্তসকলে কিদৰে গাহৰি মাংসৰ ব্যঞ্জন প্ৰস্তুত কৰে, একোৰ প্ৰথম উপন্যাস দ্য নেইম অব্ দ্য ৰোজ-ত ৰসালভাৱে তাৰ বৰ্ণনা কৰিছে, যেনে সদ্যবধিত গাহৰিৰ তেজখিনিৰ পুডিং প্ৰস্তুত কৰিবলৈ মখা বন্ধাৰ আগেয়ে খৰতকীয়াকৈ লৰচৰ কৰি থাকিব লাগিব।
ধ্যানমগ্ন জীৱন জীয়াবলৈ যে ভোজলবিলাস সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগিব, পাঠসমূহ (Text)অধ্যয়ন কৰিলে বা প্ৰকৃত ৰীতি-প্ৰথালৈ মন কৰিলে এক বিপৰীত চিত্ৰ পৰিলক্ষিত হয়। সংস্কৃত ধৰ্মগ্ৰন্থসমূহত আড়ম্বৰপূৰ্ণ খাদ্যৰ বৰ্ণনা আৰু তাৰ পৰা লাভ কৰা আনন্দৰ সবিশেষ বৰ্ণোৱা হৈছে। নিৰ্বিকাৰ (stoic) হিচাপে গণ্য কৰা চৰিত্ৰবিলাকৰো স্বাদবিলাস অনন্য। নিৰ্বাসনৰ সময়ত ৰাম, সীতা আৰু লক্ষ্মণ এখন নাৱেৰে গঙ্গা পাৰ হয়। নৈখনৰ মাজভাগ পাওঁতেই সীতাই ভালে-কুশলে সুৰক্ষিতভাৱে উভতি অহাৰ হকে গঙ্গাদেৱীক কথা দিয়ে- হে মা, আমাক চকু মেলি চোৱা। যদি আমাক সুৰক্ষিতে ওভোতাই আনিব পাৰা, তোমাক পূজা কৰিম এহেজাৰ সুৰাৰ টেকেলি আৰু ভাত-মাংসৰে। বাল্মীকিৰ ৰামায়নত অনাড়ম্বৰতাৰ প্ৰতিভূ সীতাই পৱিত্ৰ গঙ্গা নৈলৈ সুৰা আৰু মাংস আগবঢ়োৱা কথাই আমাক আচৰিত কৰিব লগীয়া একো নাই কিয়নো উপনিষদসমূহত অন্নই ব্ৰাহ্মণ আৰু চৰম সত্য বুলি স্পষ্টভাৱে উল্লেখ আছে।
ৰামানুজনৰ ৰচনাত বৰ্ণোৱা কাহিনীভাগৰ যুক্তিৰ বিচাৰ কৰি আমি ইয়াক এনেধৰণে উপস্থাপন কৰিব পাৰোঁ।এক, মৰম আৰু যত্নেৰে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াও একপ্ৰকাৰৰ সাধনা। ব্যঞ্জন প্ৰস্তুত কৰোঁতে ৰান্ধনিশালত যেতিয়া মচলাৰ সুগন্ধিয়ে আমোলমোলাই থাকিব, বিচিত্ৰ ধোঁৱাই আৱৰি ধৰিব, মানুহৰ মনৰ সমস্ত চাপ, উদ্বিগ্নতা আঁতৰি নিৰ্মল আনন্দেৰে একাকাৰ হৈ পৰে।
দুই, তৃপ্তিকৰ খাদ্যই মানুহক পৰম সুখানুভূতি দিয়ে; আনহাতে, অইন কেতিয়াবা এসাঁজ অতি সহজ আহাৰেও আনন্দৰ নৈ বোৱাই দিয়ে। জাপানী চলচ্চিত্ৰ টেমপোপো (Tampopo) হ’ল এনে এক ভোজনবিলাসী জীৱনে দিয়া আনন্দৰ কাহিনী। ঘটনাক্ৰমে, এগৰাকী নাৰীক পুৰুষ এজনে এটা কোমলভাৱে সিদ্ধ কণীৰ কুহুম খুৱাই দিয়াত তেওঁ ৰাগমোচনৰ সুখ অৰ্জন কৰে। পুৰুষজনে নিজৰ মুখেৰে কণীৰ কুহুমতো সেই নাৰীৰ মুখলৈ এনেধৰণে লৈ যায় যে সেই কুহুমতো পুং জননেন্দ্ৰিয়ৰ প্ৰতীক হৈ পৰে। নাৰীগৰাকীয়ে কুহুমটো গিলি নেপেলায়, কণীৰ হালধীয়াখিনি মাথো জিভাৰ কেউকাষে পাক্-ঘূৰণি খাই থাকে আৰু যেন কল্পনাবিভোৰ জগত এখনত বিলীন হৈ যায়।
তদুপৰি, কামসূত্ৰত উল্লিখিত চৌশষ্ঠি প্ৰকাৰৰ ৰতিবিষয়ক কলাৰ ভিতৰত ৰন্ধনকলা অন্যতম।
জুডিথ মিচৰাহি-বাৰাক নামে মোৰ এগৰাকী ফৰাছী বন্ধুৱে শেহতীয়াভাৱে খাদ্য সম্বন্ধে নিৰ্মান কৰা হয়তো শ্ৰেষ্ঠতম চলচ্চিত্ৰখনৰ কথা সোঁৱৰাই দিলে। এই উদাহৰণটিৰে এই খণ্ডটি সামৰা যাওঁক। বাবেট’চ ফীষ্ট্(Babette’s Feast) হ’ল ঊনৈশ শতিকাৰ ডেনমাৰ্কৰ প্ৰ’টেষ্টান্ট সম্প্ৰদায়ৰ একান্ত অনাড়ম্বৰ জীৱন-যাপন কৰা দুগৰাকী বৃদ্ধা সন্ন্যাসিনীৰ কাহিনী। স্বাদহীন খাদ্য গ্ৰহন কৰিয়েই তেওঁলোকে জীৱন অতিবাহিত কৰে। তেওঁলোকৰ বাবে সকলো ধৰণৰ সুখানুভূতি, ইন্দ্ৰিয়ৰ তৃপ্তিসাধন দৈৱিক আজ্ঞাৰ বিৰুদ্ধে সংঘটিত কৰা পাপ। গতিকে মিতাচাৰী জীৱনেই হ’ল সকলো পাপৰ প্ৰায়শ্চিত্তৰ উপায়। কিন্তু কেতিয়াও কোনেও তেওঁলোকৰ বাবে প্ৰকাশ কৰা নাই বা আঙুলিয়াই দিয়া নাই কি এই পাপ।গতিকে এই পাপবোৰ জানো কাল্পনিক নহয়? তেনে এক জীৱনলৈ আগমন ঘটে আশ্ৰয় বিচাৰি অহা বাবেটৰ।পেৰিছৰ হিংসাথলীৰ পৰা জীৱনটো বচাই কোনোপ্ৰকাৰে পলাই আহি মঠবাসিনীসকলৰ ওচৰত আশ্ৰয় বিচাৰে, তাৰ বিনিময়ত বাবেটে বিনামূল্যে নিজৰ সেৱা আগঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰে।ভিক্ষুণীসকল অনিচ্ছুক আছিল যদিও বাবেটে সকলোৰে হৃদয় জিনি ল’ব পাৰিছিল।
বহু বছৰ পিছত বাবেটে এটি লটাৰীত জয়লাভ কৰে। সেই টকাৰে তেওঁ সহজে পেৰিছলৈ উভতি যাব পাৰে।পিছে, বিদায়ৰ আগেয়ে তেওঁক আশ্ৰয় দিয়া লোকসকলৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে এক মহাভোজনৰহে আ্য়োজন চলায়। বাবেটে সমস্ত টকা ভোজভাতৰ কাৰণে এনেভাৱে ব্যয় কৰা কাৰ্যক সন্ন্যাসিনীসকলে অধোগামী বুলি ভাৱিছিল। যদিওবা ৰুটিৰ টুকুৰাটো ভাঙি ততাতৈয়াকৈ মুখত ভৰোৱালৈ তেওঁলোকৰ সকলো দ্বিধা-সংশয় ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে।জীৱনত কেতিয়াও অনুভৱ নকৰা এক আনন্দেৰে তেওঁলোক পুলকিত হৈ উঠে।ভোজপৰ্বটি দেহ আৰু আত্মাক পৰিপুষ্টি যোগোৱা এক আধ্যাত্মিকতাৰ অৰ্থসূচক হৈ পৰে, খোৱাপাতৰ মেজখন হৈ পৰে তেওঁলোকৰ মোক্ষভূমি।
Artwork Courtesy – Saronik Bosu
দুই
খাদ্যৰ প্ৰস্তুতি আৰু খাদ্য উপভোগ কৰা কাৰ্য যিদৰে সাধনাত্মক আৰু একে সময়তে আনন্দদায়ক হ’ব পাৰে, ঠিক তেনেদৰে সুৰাপানে মানুহক চিত্তাকৰ্ষক বাৰ্তালাপৰ দ্বাৰা নিজকে প্ৰকাশ কৰিবলৈ সহায় কৰে। এসাঁজ সুস্বাদু খাদ্যই মানুহক এক ধ্যাননিষ্ঠ অৱস্থালৈ উত্তৰণ ঘটায়, সুৰাপানে তেওঁক উপলব্ধিৰ আৰু এখোপ ওপৰলৈ লৈ যায়, বহু সময়ত মানুহে নিজ ব্যক্তিসত্ত্বাৰ এক নতুন দিশ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। এপিয়লা সুৰা অজস্ৰ মননশীল আৰু কৌতুকপূৰ্ণ বাৰ্তালাপৰ অনুঘটক।
নিৰ্মল বাৰ্মাই লিখিছিল ষাঠিৰ দশকত তেওঁ কিদৰে কেবাখনো ইউৰোপীয় চহৰৰ বাৰত দীৰ্ঘ, নিঃসংগ সন্ধিয়াবোৰ কটাইছিল। সেই বাৰৰ সন্ধিয়াবোৰেই তেওঁৰ গল্পবিলাকৰ জন্ম দিছিল।সুৰাৰ ৰাগীত অচিনাকী ব্যক্তিয়ে তেওঁৰ মেজলৈ আহি অনৰ্গল গাইছিল নিজৰ জীৱন কাহিনী । “ইমান যে নীৰৱ এইজন ভাৰতীয় লোক” বুলি কৈ ধেপেচ্ কৈ কাষৰ চকী এখনত বহি পৰিছিল। সদায়ে লুকাই থকা জীৱনৰ অনেক অন্ধকাৰ কুঠৰী এই অচিনাকী লোকসকলে মুকলি কৰি দিছিল, বাৰ্মাই এই বিষয়ে পিছলৈ বিস্তৃতভাৱে লিখিছিল।
‘দেড় ইঞ্চ উপৰ’(An Inch and a Half Above Ground, 1966) নামে তেওঁৰ গল্পটি হ’ল এক ইহুদী ব্যক্তিৰ মৰ্মান্তিক কাহিনী। নাৎজী জাৰ্মানীৰ গুপ্তচৰ আৰক্ষী বাহিনী গেষ্টাপোৱে (Gestapo) বহু দশক আগতে তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি হত্যা কৰিছিল। বিয়াৰ সাত বছৰ পৰ্যন্ত তেওঁ কোনো ভু নাপালে যে তেওঁৰ পত্নী আছিল এগৰাকী সক্ৰিয় নাৎজী বিৰোধী ৰাজনৈতিক কৰ্মী।পত্নীৰ গ্ৰেপ্তাৰৰ পিছতেই তেওঁকো গ্ৰেপ্তাৰ কৰি পত্নীৰ বিষয়ে তথ্য বিচাৰি খুব অত্যাচাৰ চলোৱা হৈছিল, কিন্তু তেওঁৰ হাতত একোৱেই তথ্য মজুত নাছিল। বছৰ বছৰ পিছতো সেই স্মৃতিয়ে তেওঁক অতিশয় কষ্ট দিছিল।পত্নীয়ে তেওঁক প্ৰকৃত সত্যৰ পৰা অজ্ঞাতে ৰখা কথাটোত তেওঁ বাৰুকৈয়ে আঘাত পাইছিল। পত্নীয়ে তেওঁক সকলো কথা নোকোৱা বাবে নাৎজীসকলৰ নিষ্ঠুৰ অত্যাচাৰৰ মাজতো তেওঁ এক ধৰণৰ কৃতজ্ঞতা অনুভৱ কৰিছিল।
“কল্পনা কৰক যদি মই সকলো কথা জানিলোহেঁতেন, মোৰ হাতত যদি এটি বিকল্প থাকিলহেঁতেন!মোৰ পত্নীক বিশ্বাসঘাতকতা কৰি মোৰ জ্ঞাত কথাখিনি স্বীকাৰ কৰি সকলো আতিশায্যৰ পৰা মুক্ত হ’ব পাৰিলোহেঁতেন … মোৰ প্ৰয়াত পত্নীয়ে বাৰু মোক সেই অন্তৰ্দ্বন্দৰ যন্ত্ৰণাৰ পৰা জানি বুজিয়েই ৰেহাই দি থৈ গ’ল নেকি ?”
গল্পটি নাৎজী শাসনকালত ইহুদী লোকসকলৰ দুঃখময় জীৱনৰ এক উল্লেখযোগ্য দলিল। বিয়েৰৰ গিলাচটো হাতত লৈ এই মানুহজনে তৰপৰ পিছত তৰপ খহাই অন্তৰৰ সমস্ত দুৰ্ব্বলতা উদঙাই দিয়ে।বিংশ শতিকাৰ মাজভাগৰ সুৰাৰ তাগিদাত ওলাই পৰা এই স্বগতোক্তিয়ে স্থান-কাল ভেদে এজন পাঠকৰ বাবে এক বুনিয়াদী প্ৰশ্নৰ অৱতাৰণা কৰে-মানুহৰ হাতত যেতিয়া বিকল্প থাকে আৰু যেতিয়া নাথাকে, পূৰ্ব-নিৰ্ধাৰিত পথ এটিত আগবাঢ়োতে বিকল্প থাকিও মুখামুখি হোৱা যন্ত্ৰণা আৰু বিকল্প নথকাৰ ফলত প্ৰাপ্ত সৰলতাৰ এক দ্বন্দ।
মোৰ সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ পৰাই কওঁ, কিছুমান অতি জটিল পৰিস্থিতিত অতি জটিল মানুহৰ লগত কথাৰ বিনিময় কৰিবলৈ সুৰাই হৈছে আটাইতকৈ উজু উপায়। সুৰাপান কৰা সন্ধিয়াটোৰ যতি যেতিয়া পৰে, সকলো উদ্বিগ্নতাও আঁতৰি বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে। আকৌ কেতিয়াবা সুৰাই হৈ পৰে সময়ৰ পৰিধি অদৃশ্য কৰিবলৈ এক প্ৰকাৰ ঔষধি।
সাংবাদিক জীৱনে দিয়া অইন এটি ভোজনৰ কথা মনত পৰি গ’ল। ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে দীৰ্ঘতম ছটা দশক ধৰি চলিছে সশস্ত্ৰ নক্সাল বিদ্ৰোহ। বিদ্ৰোহৰ ৰাজধানী স্বৰূপ বস্তৰ জিলাৰ অবুঝমাড় অৰণ্যত ২০১৪ চনৰ মাৰ্চ মাহত তিনি সপ্তাহ নক্সাল কেম্পত থাকি আহোঁ । মাহেকত এবাৰ প্ৰতিটো বাহিনীয়ে যাতে ছাগলী মাংসৰে এসাঁজ খাব পাৰে, তাৰ ব্যৱস্থা থাকে। তাৰবাবে আছুতীয়াকৈ অৰ্থ সঞ্চয় কৰি ৰখা হয়।যেতিয়া মই কেম্প এৰি আহোঁ, তেতিয়া ছাগলী মাংসৰে ভোজৰ দিনটোলৈ বহুদিন বাকী। মোৰ বাবে তেওঁলোকে কিবা এটা কৰিব বিচাৰিছিল, কিন্তু আগতীয়াকৈ নিঁধিৰ পৰা অৰ্থসংগ্ৰহ কৰিবলৈ তেওঁলোক অপাৰগ। ততাতৈয়াকৈ এখন মিটিং অনুষ্ঠিত কৰি ঠিৰাং কৰিলে যে, তেওঁলোকৰ ওপৰৱালাক কথাষাৰ পিছেপৰেও জনাব, কিন্তু সেই সময়খিনিত তেওঁলোকৰ অতিথিক বিদায় দিয়া দৰকাৰ। অতি উলাহেৰে তেওঁলোকে মোক ভোজটিৰ খবৰ দিবলৈ আহিল। কিন্তু যেতিয়া মই নিৰামিষভোজী বুলি ক’লো তেওঁলোক খুবেই নিৰাশ হোৱা দেখা গ’ল।
ছাগলীৰ মাংস নোখোৱাকৈও মানুহ যে জী্যাই থাকিব পাৰে, তেওঁলোকৰ বিশ্বাস হোৱা নাছিল। চহৰত বাৰু মানুহে কিদৰে জীয়াই থাকে? কিন্তু বিদায়তো হ’বই হ’ব। কেডাৰ এজনে ঠিক কৰিলে যে মোৰ বাবে জিলাপী অনোৱা যাওঁক। বজাৰখনলৈ পিছে বহু ঘন্টাৰ ৰাস্তা। দৌৰাদৌৰিকৈ গঞা এজনক চাইকেলেৰে বজাৰলৈ পঠিয়াই দিয়া হ’ল। বজাৰৰ বহু দিনীয়া বাহী জিলাপী আহি পাওঁতে পাওঁতে শুকাই হালধীয়া হৈ পৰিল। মাটিত বহি সেই দিনটোত আটায়ে জিলাপী খাইছিলো আৰু গেৰিলা যোদ্ধাসকলে আমাক পহৰা দি আছিল। যোৱা তিনিটা সপ্তাহ পুলিচৰ আক্ৰমনত বুলেট বা গ্ৰেণেডতে মৃত্যুৰ কোলাত যিকোনো মূহুৰ্ততে ঢলি পৰিম বুলি ভয়তে পাৰ হ’ল। শেষদিনা জিলাপীকেইখন মুখত দিহে পৃথিৱীখনৰ প্ৰতি পুনৰ আস্থা ঘূৰি আহিল।
Artwork Courtesy – Saronik Bosu
Great!